Saturday, July 2, 2016

আই এম ডি টি আইন—১৯৮৩

দ্ৰাবিড় জনগোষ্ঠীৰ মুছলমানঃ- ASSAM 
সাম্প্ৰদায়িক শক্তিৰ চক্ৰান্ত আৰু উচটনিত অনুপ্ৰৱেশেৰে "অসমীয়া ভাষা-সংস্কৃতি বিপদাপন্ন"— এই মন্ত্ৰণাৰে পৰিচালিত হৈছিল ১৯৭৯ চনৰ অসম আন্দোলন ৷ অথচ অসমীয়া ভাষাৰ ৰক্ষক বংগীয় মূলৰ অসমীয়া সমাজৰ ওপৰত চলাই অহা হৈছে বিদেশী বাংলাদেশী বুলি দিয়া অপবাদেৰে অমানুসিক নিৰ্যাতন, আক্ৰমণ ইত্যাদি ৷
অসম আন্দোলনৰ আৰম্ভণিত সদৌ অসম ছাত্ৰসন্থা চমুকৈ আছুৰ নেতাসকলে জিলা কেন্দ্ৰত বহিয়েই ভিতৰুৱা গাওঁৰ সংখ্যালঘু মানুহক বিদেশী বুলি পাইকাৰী হাৰত নটিচ দিছিল ৷ কাৰোবাৰ দেউতাকৰ/স্বামীৰ নাম নাজানিলেও শিয়াল, হেপা, ৰঙালাও ইত্যাদি নামাকৰণেৰে বৃহৎসংখ্যক সংখ্যালঘুক দিয়া হৈছিল নটিচ ৷ এই প্ৰক্ৰিয়াৰ পৰা অসমীয়া সাহিত্য জগতৰ প্ৰবাদপুৰুষ মৰহুম চৈয়দ আব্দুল মালিক চাহাবৰ নিচিনা বৰেণ্য ব্যক্তিয়েও ৰেহাই পোৱা নাছিল ৷ একাধিকবাৰ যাবতীয় তথ্য সহকাৰে নাগৰিক পঞ্জীকৰণ বিষয়াৰ ওচৰত শুনানী কৰাৰ পিছতো ভোটাৰ লিষ্টত নামৰ লগত 'ডি' যুক্ত কৰি ভোটদানৰ পৰা বঞ্চিত কৰা হৈছিল বা হৈ আছে ৷ এনে ব্যাপক নিৰ্যাতনৰ বিৰুদ্ধে তদানীন্তন কেন্দ্ৰীয় চৰকাৰলৈ বহুতো অভিযোগ দাখিল কৰা তথা বিভিন্ন আন্দোলনৰ কাৰ্য্যসূচী লোৱাৰ পিছত আই এম ডি টি আইন—১৯৮৩ প্ৰণয়ন কৰা হৈছিল ৷ এই আইন প্ৰণয়নৰ দ্বাৰা অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ প্ৰক্ৰিয়াক ন্যায়িক পৰ্যায়ত অৰ্পণ কৰা হয় ৷ এই আইনৰ জড়িয়তে জধে-মধে বিদেশী বুলি নটিচ জাৰিকৰণ কাৰ্যক নিয়ন্ত্ৰণ কৰা হৈছিল ৷ এই আইনৰ অধীনত কোনো সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে অভিযোগ আনিবলৈ হ'লে অভিযোগকাৰী আৰু অভিযুক্ত একে থানা এলেকাৰ বাসিন্দা হ'ব লাগিছিল ৷ অভিযোগকাৰীয়ে শপতনামাৰ লগত নিৰ্দিষ্ট কোৰ্ট ফি গাঁঠি অভিযোগ দাখিল কৰিব লাগিছিল ৷ উক্ত অভিযোগ আই এম ডি টি ট্ৰাইবুনেললৈ পঠোৱাৰ আগতে উপযুক্ত বিষয়া (Executive Magistrate)ৰ দ্বাৰা অভিযোগৰ ভিত্তি সঠিক হয় নে নহয় প্ৰাথমিক পৰিক্ষা (Screening) কৰা হৈছিল ৷ তদুপৰি আই এম ডি টি আইন মতে অভিযোগকাৰীয়েই অভিযুক্তক বিদেশী বুলি প্ৰমাণ দিব লগা আছিল ৷
আই এম ডি টি আইন প্ৰণয়ন কৰাত অসমৰ লাঞ্ছিত-বঞ্চিত, নিস্পেষিত-নিৰ্যাতিত মুছলমানসকল সামান্য পৰিমাণে হলেও হাৰাশাস্তিৰ পৰা ৰক্ষা পৰিছিল ৷ কিন্তু ২০০৫ চনৰ জুলাইৰ ১২ তাৰিখে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী অতীতৰ আছু নেতা তথা অসম গণ পৰিষদৰ সাংসদ সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ গোচৰত মাননীয় উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়ে (২০০৫ (5) Scc 665)ৰে আই এম ডি টি আইন বাতিল কৰে ৷ আৰু সেই একেই নিৰ্যাতন পুনৰ আৰম্ভ হোৱাৰ পথ মুকলি হয় ৷

No comments:

Post a Comment