Saturday, July 2, 2016

অসমৰ মুছলমানখিনি অসমীয়া ভাষা ত্যাগ কৰিলে এটা নিশাৰ ভিতৰত 48% অসমীয়া কোৱা লোকৰ সংখ্যাৰ ৰ পৰা চিধাই 30% লৈ হ্ৰাস হ'ব। অসমীয়াৰ সংখ্যা লগতে অসমৰ অসমীয়া ৰাজ্য ভাষাৰ মৰ্যাদা হেৰুৱাব।

দ্ৰাবিড় জনগোষ্ঠীৰ মুছলমানঃ- ASSAM
বাংলাদেশীৰ প্ৰসংগ :
"অসমীয়া ভাষা আমাৰ মাতৃভাষা। মাতৃৰ নিচিনা বাবেই মাতৃয়ে বেজাৰপোৱা কাম কৰা সন্তান সকলৰ পক্ষে অতি অযুগুত ইয়াকে জানি অসমীয়া সকলে মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশ কৰা উচিত" । - আনন্দৰাম ঢেকিয়াল ফুকন।
ক্ষমতা পিপাসু সকলৰ মতে 2016 চনৰ নিৰ্বাচন ভেটি মাটি আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ শৰাইঘাটৰ ৰণ৷ এয়া যেন নিৰ্বাচন নহয় স্বদেশী আৰু বিদেশীৰ মাজত ৰণ৷ ৰাষ্ট্ৰ সংঘৰ UNHCR ৰ মতে জাতি ধৰ্ম বৰ্ণ আৰু ৰাজনৈতিক ভাৱে অত্যাচাৰিত হৈ আন দেশ লৈ গুচি যোৱা লোকক শৰণাৰ্থী বুলি কোৱা হয়৷ যদিহে শৰণাৰ্থীয়ে নিজ দেশলৈ ওভতি যাব নিবিচাৰে তেন্তে শৰণাৰ্থীক নাগৰিকত্ব দিব লাগে৷ Assam Expiation Act 1950 ৰ দুই ধাৰা মতেও নাগৰিকত্ব পাব৷ কিন্তু প্ৰশ্ন হয় 20 লাখ হিন্দু বাংলাদেশী জানো শৰণাৰ্থী৷
1/ যদি ধৰ্মীয় অত্যাচাৰত পলাই আহিছে তেন্তেত তাৰ প্ৰমাণ কি?
2/ ভাৰতৰ বা বাংলাদেশৰ কোনখন থানাত গোচৰ পঞ্জয়ন কৰা হৈছে?
1836ৰ পৰা 1872 চনলৈ অসমত অন্ধকাৰ যুগ চলিছিল আকৌ এদল বিকৃত মানসিকতাৰ লোকে কলংকিত অধ্যায়ৰ পাতনি মেলিবলৈ যো-জা চলাইছে। নিজ মাতৃক বেশ্যালয়ত বিক্ৰি কৰা আৰু অসমীয়া ভাষাৰ শৰাধ পতা একে। হিন্দুত্বৰ হাতত সতীত্ব হেৰুৱাই খাকী পোছাক পিন্ধি এটা দলে ধৰ্মৰ ভিত্তিত অসমখন বিদেশীৰ চৰনীয়া পথাৰ হিচাপে মেলি দিছে। সাম্প্ৰদায়িক নেতা সকলৰ মতে - ভাষিক সংখ্যালঘু সকল ভাৰতীয় হ'বলৈ কোনো নথি পত্ৰৰ প্ৰয়োজন নাই কিন্তু মুছলমান সকলে 1951 ৰ পৰা 1971 ভিতৰত আহিলেও বিদেশী ( যিহেতু ৰাজনৈতিক অধিকাৰ দিয়া নহ'ব)৷ খিলঞ্জীয়াৰ ঠিকাদাৰ সকলে পাহৰি গৈছে যে অসমৰ মুছলমানখিনি অসমীয়া ভাষা ত্যাগ
কৰিলে এটা নিশাৰ ভিতৰত 48% অসমীয়া কোৱা লোকৰ সংখ্যাৰ ৰ পৰা চিধাই 30% লৈ হ্ৰাস হ'ব। অসমীয়াৰ সংখ্যা লগতে অসমৰ অসমীয়া ৰাজ্য ভাষাৰ মৰ্যাদা হেৰুৱাব।


No comments:

Post a Comment