Thursday, July 7, 2016

কাৰোবাক ধর্মান্তৰিত হ'বলৈ বাধ্য কৰোৱা মুছলিমসকলৰ কাম নহয়, কাৰোৰ উপৰত সন্ত্রাসী কর্মকান্ড চলোৱা মুছলিমসকলৰ কাম নহয়। এই সকলো কাম ইছলামত নিষিদ্ধ।


.
Dr Zakir Naik In Assamese-অসমীয়াত উন্মুক্ত প্রশ্নোত্তৰ
কাৰোবাক ধর্মান্তৰিত হ'বলৈ বাধ্য কৰোৱা মুছলিমসকলৰ কাম নহয়, কাৰোৰ উপৰত সন্ত্রাসী কর্মকান্ড চলোৱা মুছলিমসকলৰ কাম নহয়। এই সকলো কাম ইছলামত নিষিদ্ধ। এনে কাম যদি কোনো মুছলিমে কৰি থাকে তেতিয়াহ'লে সি মাথো ইছলামক সৰু কৰাৰ বাবেই কৰে আৰু যিসকলৰ প্রতি সন্ত্রাসী হামলা হয় সিহঁত ও সিহঁতৰ পৰিয়াল চিৰদিনৰ বাবে ইছলাম বিদ্বেষী হৈ যায়। এনেকোৱা কাম কেতিয়াও কাম্য নহয়। আমি মুছলিমসকলৰ উচিত সত্য বাণী, ইছলামৰ বানী, কুৰআনৰ বানী যুক্তিযুক্ত উপায়েৰে সৌজন্যতাৰ সৈতে সকলোৰৰ ওচৰত পঠিয়াই দিয়া। সকলোৰৰ মাজত ভ্রাতৃত্ববোধ জাগ্রত কৰা, সকলোকে সহজ ও সৰল পথলৈ আহ্বান জনোৱা।
.
আল্লাহে কুৰআনত কৈছে-
“ নিজৰ পালনকর্তাৰ পথলৈ আহ্বান কৰক জ্ঞানৰ কথা বুজাই দি ও উপদেশ শুনাই দি উত্তমৰূপে আৰু সিহঁতৰ লগত বিতর্ক কৰক পছন্দযুক্ত পন্থাত। নিশ্চয় আপোনাৰ পালনকর্তাই সেই ব্যক্তি সম্পর্কে বিশেষ ভাবে জ্ঞাত আছে, যিজন তেওঁৰ পথৰ পৰা বিচ্যুত হৈ পৰিছে আৰু তেঁৱেই ভাল জানে সিহঁতক যিসকলে সঠিক পথত আছে। ”
[কোৰআনঃ ছূৰাহ নাহলঃ125]
.
হেদায়াত আল্লাহৰ হাতত, আল্লাহে যাকেই ইচ্ছা হেদায়াত দান কৰিব। আমাৰ কাম আল্লাহৰ বানী পঠিয়াই দিয়া। আজিও গোটেই বিশ্বত বহুত মুছলিমে এই দায়িত্ব পালন কৰি আছে কাজেই ইছলাম আজি সকলোতকৈ বেছি হাৰত বৃদ্ধি পাই আছে।
.
আমি মুছলিমসকলৰ উচিত সঠিকভাবে ইছলাম ধর্মক জনা, মানা। আমাৰ চেষ্টা হ'ব এজন সচাঁঅর্থৰ মুছলিম হোৱাৰ চেষ্টা কৰা। এজন সচাঁঅর্থৰ মুছলিমে কেতিয়াও অন্যৰ বাবে ভয়ৰ, ত্রাসৰ কাৰণ হ'ব নোৱাৰে। এজন সচাঁঅর্থৰ মুছলিম সমাজৰ বাবে আশীর্বাদ, অভিশাপ নহয়।
ණ ড.জাকিৰ নাইকৰ লেকচাৰৰ এটা অংশ।
(আগলৈ গোটেইখিনি লিখনী অনুবাদ কৰা হ'ব ইনশ্বা আল্লাহ।)

No comments:

Post a Comment